ক্ষেত্ৰী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্ধোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

 11/04/2019 - 14:14

সোনাপুৰঃ ক্ষেত্ৰী আৰক্ষী থানাত ৰবিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ ক্ষেত্ৰী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান কৰা হৈছে ক্ষেত্ৰী আৰক্ষী থানাৰ অত্যাধুনীক ভৱনটো৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অনুষ্ঠানটোত উপস্থিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান অনিল কুমাৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক মুকেশ আগৰৱালা, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰসহ কেইবাগৰাকী উচ্চপদস্থ বিষয়া ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।