'কেব' বাতিলৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

 11/04/2019 - 15:06

নলবাৰীঃ প্ৰধানমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, জাতিধ্বংসী কেব মানি লোৱা নহব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে সোমবাৰে নলবাৰীৰ ৰাজপথ উত্তাল কৰি তুলিলে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত "কেব' বাতিলৰ দাবীত জিলা আছুৰ কেবাশতাধিক প্ৰতিবাদকাৰীয়ে নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা চহৰৰ মাজেৰে পুনৰ স্বহীদ ভৱনলৈ এনেদৰে প্ৰতিবাদী মিছিল উলিয়াই "কেব' বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।