11/05/2019 - 15:48
in

হাটশিঙিমাৰীঃ কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব ব্যক্তিগত সংস্থাক গতাই দিয়াৰ পাছৰে পৰা মানকাচৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। মূলত অস্বাস্থ্যকৰ খাদ্য আৰু খাদ্যৰ নাটনিয়ে জ্বলাকলা খুৱাইছে শিক্ষাৰ্থীক।
মানকাচৰত কেৰিয়াৰ এডুকেছন নামৰ এনজিঅ-ই যোৱা ১ নৱেম্বৰ তাৰিখৰ পৰা যোগান ধৰা মধ্যাহ্ন ভোজনৰ খাদ্য নাটনিৰ ফলত জিলাখনৰ দুই তৃতীয়াংশ ছাত্ৰ-ছাত্ৰী দুপৰীয়া মধ্যাহ্নভোজনৰ পৰা বঞ্চিত হোৱাৰ লগতে বহুবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে৷ আজিও দেখিবলৈ পোৱা গৈছে ৯৩৪ নং গোপাল চন্দ্ৰ প্ৰাথমিক বিদ্যালয়ত৷
বিদ্যাৰ্থীৰ অভিভাৱকে এন জি অই যোগান ধৰা খাদ্য অস্বাস্থ্যকৰ বুলি অভিযোগ তোলে আৰু এনেকুৱা খাদ্য কণকন লৰা-ছোৱালী নোখোৱাবৈ সিদ্ধান্ত লয়৷ অনাহাৰে ঘৰলৈ ওভতি যোৱা ছাত্ৰ ছাত্ৰীৰ বিননি শুনিবলৈ চৰকাৰৰ আহৰি হ’ব নে?