নগাঁৱত বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত কংগ্ৰেছৰ গণ বিক্ষোভ

 11/05/2019 - 20:31

নগাঁওঃ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ প্ৰতিবাদত গণ বিক্ষোভ পালন কৰে কংগ্ৰেছে। মঙ্গলবাৰে নগাঁও ৰাজীৱ ভৱনৰ পৰা কংগ্ৰেছৰ নেতৃত্বত উলিওৱা কাৰ্যসূচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাত, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইনকে ধৰি বহুকেইজন কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক সমালোচনা কৰে।

নগাঁও ৰাজীৱ ভৱনৰ পৰা উলিওৱা গণ বিক্ষোভৰ দলটোৱে ভাৰতবৰ্ষৰ অৰ্থনীতি ক্ৰমাৎ অধোগামী হোৱা, প্ৰতি বছৰে দুইলাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা দি প্ৰতাৰনা কৰা আদি অভিযোগ তুলি বিভিন্ন বাক্যবাণে বিজেপিক সমালোচনা কৰে। সমদলটো নগাঁও ষ্টেট বেংকৰ সন্মুখত উপস্থিত হোৱাৰ পাছতে ৰাষ্ট্ৰীয় ঘাই পথতে বহিপৰে দলটো। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত বাধা প্ৰদান কৰি আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীসকলক আটক কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।