11/07/2019 - 19:36
in

উত্তৰ গুৱাহাটী ঃ উত্তৰ গুৱাহাটী ৰংমহল চৰ এলেকাত গৰুৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ কাশ্যপ উপাধিৰ এজন কৃষকে খেতিপথাৰত পাতিছে বৃহৎ ফান্দ। খেতি বচাবৰ বাবে কাশ্যপ উপাধিৰ এজন কৃষকে পথাৰত খন্দা বৃহৎ খাৱৈত পৰি নিহত হৈছে কেইবাটাও পশুধন। ৰবিশস্য সুৰক্ষাৰ বাবে খন্দা খাৱৈত পৰি ইতিমধ্যে পোন্ধৰটাতকৈ অধিক গৰুৰ কৰুণ মৃত্যুকলৈ স্তম্ভিত হৈ পৰিছে পশুপালকসকল। উল্লেখ্য যে চৰ চাপৰিত শ শ বিঘা ভূমি চৰণীয়া পথাৰৰ বাবে আবন্টিত ভূমি বেদখলেৰে সন্দেহযুক্ত লোকে খোপনি পিটিছে। ইফাল সন্দেযুক্ত লোকৰ অত্যাচাৰৰ বলি হৈ আহিছে পশুধন। কামৰূপ প্ৰশাসনে শীঘ্ৰে বিষয়টিত গুৰুত্ব প্ৰদান কৰি খাৱৈ সমুহ পুতি বিকল্প ব্যবস্থা গ্ৰহণ কৰিব লাগে বুলি সযোৰে দাবী উৎথাপিত কৰে।