বেছামাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

 11/08/2019 - 16:23

ধিংঃ ৰাজ্যৰ শিক্ষা বিভাগত আচলতে কি চলিছে। একাংশ চৰকাৰী বিদ্যালয় আৰু প্ৰধান শিক্ষকৰ বদনাম আৰু কিমান শুনিব। শিক্ষক সমাজক লজ্জানত কৰাটোৱেই একাংশ শিক্ষকৰ আদৰ্শ নেকি? নগাওঁ জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তর্গত বেছামাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়। এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰজত আলী। এখেতে দেখাত যেনে আচলতে তেনে নহয় মুঠেই। এখেতৰ দুৰ্নীতিৰ কথাই শুনিব নে জালিয়াতিৰ কথাই শুনিব। বিদ্যালয়খনত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ সমান্তৰালকৈ এশ এবুৰি সমস্যাৰে জর্জৰিত কৰি ৰাখিছে বিদ্যালয়খন।

ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনত ব্যাপক দুৰ্নীতি। ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল খোৱাই পোহে গাই গৰু। বিদ্যালয়ৰ আন্তঃগাঁথনিত ব্যাপক কেলেংকাৰী। বিদ্যালয়ৰ নামত থকা পুখুৰীৰ ধন আত্মসাৎ। শিক্ষক-শিক্ষয়ত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ চহী জালিয়াতিৰে বৃহৎ দুৰ্নীতি। প্ৰমাণ পত্ৰৰ নামত শিক্ষা বিষয়াৰ নাম লৈ সংগ্ৰহ ৫০০ পৰা ১০০০ টকা। এইজন প্ৰধান শিক্ষকৰ দুৰ্নীতি আৰু অনিয়মে পাৰ কৰিছে লক্ষ্মণ ৰেখা। সম্পূৰ্ণভাৱে বিনষ্ট কৰিছে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ। ঞ্জান দিয়াৰ বিপৰীতে মূৰ চোৱাইছে ছাত্ৰ-ছাত্ৰীৰ।

বিদ্যালয়ত বিগত আঠমাহে নাই কোনো ধৰণৰ সাধাৰণ সভা। একমাত্র ভাত আৰু ডালিৰে গোটেই বছৰটো চলাই আহিছে মধ্যাহ্ন ভোজন। আন্তঃগাঁথনি ক্ষেত্রতো কেনেধৰে সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম। বিদ্যালয় খনৰ একাংশ শিক্ষক আৰু পৰিচালনা সমিতিৰ চহী জালিয়াতি কৰি একাধিক দুৰ্নীতি সংঘটিত কৰাৰো আছে অভিযোগ । অকল এয়াই নহয়, শিক্ষক-শিক্ষয়ত্ৰী আৰু পৰিচালনা সমিতিৰ লোকক দূ-ব্যৱহাৰ কৰাৰো অভিযোগ আছে । তাতোকৈ গুৰুত্বপূর্ণ কথাটো হল, প্ৰধান শিক্ষকজনে সদায় বিদ্যালয়লৈ লৈ অনা এইটো এটা ডাঙৰ মোনা।

বিদ্যালয় নহয় যেন চবজী বজাৰ হে। এই মোনাৰ আচল কাৰণটো জানেনে- এইজন প্ৰধানে নিতৌ বিদ্যালয়ৰ ঘৰলৈ নিয়ে মধ্যাহ্ন ভোজনৰ চাউল। গাই গৰুক হেনো এই চাউল খোৱাই খোৱাই পুহিছে। ইতিমধ্যে এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়ত্ৰী আৰু ৰাইজে একাধিক অভিযোগ দাখিল কৰিছে শিক্ষা বিভাগৰ লগতে আৰক্ষী থানাতো। কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে বিয়াগোম শিক্ষা বিভাগে। এইজন প্ৰধান শিক্ষকেও বিদ্যালয়খনত সংঘটিত সকলো কথাই লিখিত প্ৰস্তাৱত ঞীকাৰ কৰিছে যদিওঁ কেমেৰাৰ আগত খন্দন কৰিছে এই সমগ্ৰ অভিযোগ। এতিয়া ৰাইজেই বিবেচনা কৰক কোন সঁচা আৰু কোন মিছা সেয়া।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।