কোকৰাঝাৰত কিশোৰ বানী সংঘৰ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা

 11/10/2019 - 15:07

কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ শান্তিনগৰত থকা কিশোৰ বানী সংঘ নামৰ ক্লাৱটোৱে শেহতীয়াকৈ ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা কিশোৰ বানী সংঘ নামৰ ক্লাৱৰ কৰ্মকৰ্তাই দুখীয়া ৰাইজৰ মাজত কাপোৰকানি, কম্বল বিতৰন কৰি অহাৰ লগতে বানপানীৰ সময়ত বানপীড়িতৰ মাজত ৰেচন যোগানকে ধৰি ফ্ৰী মেডিকেল কেম্পৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰিও ৰক্তদানৰ দৰে মহৎ কাম কৰি আহিছে৷

১৯৯০ চনত স্থাপন হোৱা কিশোৰ বানী সংঘ নামৰ ক্লাৱৰ এনে কামৰ বাবে জিলাখনৰ সচেতনলোকে সংঘৰ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।