কলাইগাঁৱৰ ঋতুপৰ্ণ নাথে আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে সম্পূৰ্ণ কৰিলে দীৰ্ঘ দুৰত্বৰ দৌৰ

 11/11/2019 - 16:09

বাইহাটা চাৰিআলিঃ অবিৰতভাৱে ৭০ কিলোমিটাৰ দৌৰ এগৰাকী কিশোৰৰ। কলাইগাঁৱৰ পৰা বাইহাটা চাৰিআলিলৈ বিৰামহীন ভাৱে দৌৰিলে কিশোৰ গৰাকীয়ে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে দীৰ্ঘ দুৰত্বৰ দৌৰ সম্পূৰ্ণ কৰিলে কলাইগাঁৱৰ দৰিদ্ৰ কিশোৰ ঋতুপৰ্ণ নাথে। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অনুশীলন মুলক ভাৱে সত্তৰ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিলে ঋতুপৰ্ণই।

এগৰাকী দৌৰবিদ হোৱাৰ আশা পুহি ৰখা ঋতুপৰ্ণই ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ দৌৰাৰ কৰিছে পৰিকল্পনা। কিন্তু এগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে ঋতুপৰ্ণ। যাৰ বাবে প্ৰতিভাসম্পন্ন দৌৰবিদ গৰাকীক প্ৰয়োজন অকণমান চৰকাৰী সদিচ্ছাৰ। ৰাজ্যৰ ক্ৰীড়া বিভাগৰ অকমান হেচাই সৃষ্টি কৰিব পাৰে এগৰাকী প্ৰতিভাসম্পন্ন ক্ৰীড়া বিদৰ। সেয়ে ঋতুপৰ্ণলৈ চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে সকলোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।