হোজাই মোৰাঝাৰত গড়কাপ্তানি ঠিকাদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

 11/12/2019 - 14:02

ডবকাঃ হোজাই মোৰাঝাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গড়কাপ্তানি ঠিকাদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷ নীলবাগান দেৱস্থান সংযোগী পথৰ নিৰ্মাণ কাৰ্য চলি থকা সময়তে ডাঙি চিঙি জৰাজীৰ্ণ হৈ পৰিল পকী ৰাস্তা। ঠিকাদাৰে শিলৰ ঠাইত বোকাৰে ৰাস্তা নিৰ্মাণ কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ৷

ঘাই পথত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ মোৰাঝাৰ। নিম্নমানৰ সা-সামগ্ৰীৰে ৰাস্তা নিৰ্মাণৰ কাম কৰাৰ বাবেই চপৰা চপৰে উঠি গৈছে পকী ৰাস্তা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।