বটদ্ৰৱা থানৰ দক্ষিণে থকা সতী ৰাধিকাৰ স্মৃতি বিজড়িত কোবাই কটা সত্ৰ এতিয়া অস্তিত্বৰ সংকটত

 11/12/2019 - 14:28

বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ দক্ষিণে থকা সতী ৰাধিকাৰ স্মৃতি বিজড়িত কোবাই কটা সত্ৰ এতিয়া অস্তিত্বৰ সংকটত। সাম্প্ৰতিক বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি সত্রৰ ভকত বৈষ্ণৱ শংকিত হৈ পৰিছে। শ শ বছৰ ধৰি বটদ্ৰৱা থানৰ সহযোগত কিছুসংখ্যক লোকে এই ঐতিহ্যমণ্ডিত নামঘৰটো চোৱা চিতা কৰি আহিছিল।

নামঘৰৰ তেল, বন্তি, নৈবেদ্যৰ সামগ্ৰী আৰু সত্ৰীয়া বাদ্য যন্ত্ৰকে আদি কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যোগান ধৰি সত্ৰৰ বন্তি গছি প্ৰজ্বলিত কৰি ৰখাৰ বাবে চেষ্টা চলাই আহিছিল। কিন্তু শেহতীয়াভাৱে যুগল লোচন দেৱগোস্বামী নামৰ নগাঁও জখলাবন্ধাৰ এজন সত্ৰাধিকাৰে এই ঐতিহাসিক থান সত্ৰখনত নিজ স্বাৰ্থ জড়িত কামত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, কোৱাইকটা সত্রৰ ভকত বৈষ্ণৱ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অজ্ঞাতে এজন যুৱকক সত্ৰাধিকাৰ পাতি দিয়াত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কোৱাইকটা সত্রৰ ভকত বৈষ্ণৱে ৰহস্যৰ গোন্ধ পাইছে। ভবিষ্যতে সত্ৰখনত আহিবলগীয়া চৰকাৰী আৰ্থিক অনুদানৰ লালসাতেই এনেদৰে সত্ৰাধিকাৰ পতাৰ অভিযোগ উত্থাপন কৰিছে সত্ৰৰ ভকত বৈষ্ণৱে।

সমস্ত বিষয় সন্দৰ্ভত কোৱাইকটা সত্রৰ ভকত বৈষ্ণৱে বটদ্ৰৱা থান পৰিচালনা সমিতিক লিখিত অভিযোগ দাখিল কৰিছে। কোৱাইকটা সত্রৰ ৰাইজৰ দাবী সত্ৰৰ ভকত বৈষ্ণৱৰ অজ্ঞাতে স্থলাভিষিক্ত কৰা সত্ৰাধিকাৰক আঁতৰাই নতুনকৈ স্থানীয় উপযুক্ত ব্যক্তিক সত্ৰীয়া পৰম্পৰাৰ ধূপ, নিৰ্মালি প্ৰদান কৰি সত্ৰাধিকাৰ পাতক। উল্লেখ্য যে ৮৩ৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত কোৱাইকটা গাঁৱৰ লোকসকলে প্ৰাণৰ মমতাত ওচৰৰ অন্য গাঁৱত আশ্ৰয় লোৱাৰ পাছৰ পৰা অস্তিত্ব সংকটত পৰিছিল কোৱাইকটা সত্রখন।

সেয়ে বহুবাৰ অস্তিত্বৰ সংকটৰ পৰা ৰক্ষাৰ বাবে ৰজাঘৰক আবেদন নিবেদন কৰা সত্ৰখনি জাতি, মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান দিয়া অসম চৰকাৰে ৰক্ষাৰ ব্যৱস্থা কৰিবনে? কোৱাইকটা সত্রখনৰ বিননি শুনিবনে চৰকাৰ কিম্বা দল সংগঠনে? সেইয়া সময়তহে লক্ষণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।