নগৰবেৰা জলজলী নৈৰ ওপৰত মুকলি কৰা হ’ল শংকৰ আজান সমন্বয় সেতু

 11/12/2019 - 17:18

নগৰবেৰাঃ দ্বিতীয় বাৰৰ বাবে নগৰবেৰাৰ জলজলী নৈ ৰ ওপৰত মুকলি কৰা হ’ল শংকৰ আজান সমন্বয় সেতু। ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা বাঁহৰ দলংখন পুণৰবাৰ মুকলি কৰাত উৎফুল্লিত নগৰবেৰাবাসী। চৰকাৰে নকৰা কাম কৰিলে ৰাইজে। চৰকাৰৰ আশা এৰি দিত্বীয় বাৰৰ বাবে নগৰবেৰাত জলজলী নৈৰ ওপৰত ৰাইজে সাজিলে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ বাঁহৰ দলং। ৰাইজৰ গাঠিৰ ধনেৰে নিৰ্মাণ কৰা সমন্বয় সেতুখন মংগলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰাত উৎফুল্লিত বৃহত্তৰ নগৰবেৰাবাসীয়ে। স্বাধীনতাৰ পাছৰে পৰা নগৰবেৰাৰ ডিবিআৰপি পাৰঘাটত দলংৰ অভাৱত জলজলী নৈ পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে বৃহত্তৰ নগৰবেৰাৰ লাখ লাখ লোকে।

এমাহজোৰা প্ৰচেষ্টাৰ অন্তত সাত লক্ষাধিক টকা ব্যয় সাপেক্ষে সাজি উলিওৱা হৈছে প্ৰায় ৫০০ ফুট দৈৰ্ঘ্যৰ এই দলংখন। যোৱা বছৰ দলংখন নিৰ্মাণ কৰা হৈছিল যদিও ছমাহ পাৰাপাৰ হোৱাৰ পাছত যোৱাটো প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল দলংখন। এই দলংখনেৰে বছৰটোৰ ছমাহ চলিব পৰা যায় যদিও বাকী ছমাহ নাৱৰেই বিপদসংকুল যাতায়ত কৰিব লাগে বৃহত্তৰ টুপামাৰী নগৰবেৰাৰ লাখ লাখ লোকে। সেয়ে অচিৰেই উক্ত স্থানত পকী দলং নিৰ্মাণ কৰি ৰাইজৰ এই সমস্যা চিৰদিনৰ বাবে সমাধান কৰাৰ দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।