বাটমাৰী জাতীয় বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সভা আৰু সাংস্কৃতিক অনুষ্ঠান

 11/12/2019 - 21:50

বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ এক অগ্ৰনী শিক্ষানুষ্ঠান বাটমাৰী জাতীয় বিদ্যালয়ত মঙলবাৰে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বিদায় সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিয়ে কয় যে, এজন সু-নাগৰিকে এখন সুস্থ সমাজ গঠন কৰিব পাৰে। শিক্ষা অবিহনে এখন সুস্থ সমাজ কেতিয়াও গঠন কৰিব নোৱাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। বাটমাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ আশ্ৰাফুল হুছেইনৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে বিদ্যালয়ৰ উপাধ্যক্ষ শ্বামিম আহমেদে।

সভাত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰৱক্তা শ্বৰিফুল ইছলাম উপস্থিত থাকি কয় শিক্ষা গ্ৰহণ কৰা আৰু শিক্ষাৰ পোহৰ বিলোৱা এই দুয়োটাই পৱিত্ৰ। ছাত্ৰ-ছাত্ৰী সকলকে সু-শিক্ষাৰে শিক্ষিত হৈ এজন আদৰ্শৱান মানুহ হ’বলৈ আহ্বান জনাই। অনুষ্ঠানত নগাঁও জিলা আদালতৰ অধিবক্তা তজমল হুছেইন, শিক্ষক জাকিৰ হুছেইন, ৰৌমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক মিজানুৰ ৰহমান, চিকিৎসক শ্বহিদুল ইছলামে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য কৰি শিক্ষামূলক ভাষণ প্ৰদান কৰে। সভাৰ অন্তত নগাঁৱৰ জনপ্ৰিয় শিশু নৃত্য শিল্পী তনুশ্ৰী আৰু দিশাৰ নৃত্যানুষ্ঠান আৰু বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ গীত নৃত্যৰ অনুষ্ঠানে উপস্থিত ৰাইজক উৎফুল্লিত কৰি তোলে। অনুষ্ঠানটিত সাংবাদিক সুুৰক্ষা মঞ্চ নগাঁৱৰ সভাপতি দিব্যজ্যোতি বৰুৱা, কোষাধ্যক্ষ দিলদাৰ হুছেইন, আমছুৰ নগাঁও জিলা সমিতিৰ প্ৰচাৰ সম্পাদক ছাইব আলী, শিক্ষা সম্পাদক মিজানুৰ ৰহমান, মোস্তাফিজুৰ ৰহমানকে প্ৰমুখ্য কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক -অভিভাৱিকা, অতিথিসহ পাঁচ শতাধিক লোক উপস্থিত আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।