
খোৱাংঃ খোৱাঙত দীৰ্ঘদিন ধৰি চলি থকা বালি ছিণ্ডিকেটত অৱশেষত চকু পৰিছে বন বিভাগৰ। মঙলবাৰে খোৱাং আঞ্চলিক বন বিভাগে অবৈধভাৱে বালি কঢ়িয়াই ৮ খনকৈ বালি ভৰ্তি ট্ৰাক জব্দ কৰে। বন বিভাগে জানিবলৈ দিয়াৰ মতে বালি কঢ়িয়াই অনা ট্ৰাক আৰু ডাম্পাৰসমূহৰ বালি কঢ়িয়াই অনা কোনো নথি পত্ৰ নাছিল। সেয়ে গাড়ীসমূহ জব্দ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযান অব্যাহত থাকিব বুলি প্ৰতিশ্ৰুতি দিছে।
মন কৰিবলগীয়া যে বন বিভাগে সাংবাদিকক বালিসমূহ বৈধ বালি মহলৰ পৰা অনা হৈছিল বুলি দাবী কৰিছে যদিও বৈধ বালি মহলে প্ৰতি গাড়ী বালিৰ বাবদ দিয়া চালান দেখুৱাব নোৱাৰা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে বুধবাৰে খোৱাঙৰ বন বিভাগৰ কাৰ্যালয়ত গাড়ী গৰাকীসকলৰ লগতে তথাকথিত জাতীয় সংগঠনৰ নেতা আহি ভিৰ কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে খোৱাঙৰ বুঢ়ীদিহিং নদীৰ পৰা খনন কৰি থকা বালিসমূহৰ দুটামান বৈধ বালি মহল আছে যদি বহু অবৈধ বালি ব্যৱসায়ীয়ে নদীখনৰ কিছুমান ঠাইৰ পৰা অবৈধভাৱে বালি খনন কৰি নদীখনৰ মথাউৰি সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে। বন বিভাগক এই বিষয়ে অৱগত কৰি থকা হৈছে যদিও বিভাগে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ইফালে নথিপত্ৰ বিহীনভাৱে বালি কঢ়িয়াই অনা গাড়ীসমূহে খোৱাঙৰ পথসমূহ জৰাজীৰ্ণ কৰি পেলাইছে। সেয়ে বন বিভাগক ৰাইজে এই গাড়ীসমূহক নাকী লগাবলৈ দাবী জনাইছে।