বটদ্ৰৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান

 11/13/2019 - 17:22

বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত চৰকাৰী ভূমি অবাধে বেদখল কৰি দোকান পোহাৰ, ব্যৱসায় প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰাৰ বতৰি ধাৰাবাহিকভাৱে পৰিৱেশন কৰাৰ অন্তত অৱশেষত ধিং ৰাজহ চক্ৰৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ হয়। বিগত দহ দিন পূৰ্বে জোখ মাপ কৰাৰ পাছত সোমবাৰে পুৱাৰে পৰা ধিং ৰাজহ চক্ৰ বিষয়া মৃনাল বৰাৰ নেতৃত্বত নগাঁও জিলা প্ৰসাশনৰ সহযোগত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দলৰ লগত লৈ ধূপগুৰি, কদমনি, কৰৈগুড়ি আদি অঞ্চলত উচ্ছেদ অভিযান চলাই। ধূপগুৰি বজাৰৰ প্ৰায় শতাধিক অবৈধ দোকান উচ্ছেদ কৰাৰ পাছত কদমনি আৰু কৰৈগুড়িৰ শতাধিক ব্যবসায়ীক প্ৰতিষ্ঠানত জেচিবিৰে উচ্ছেদ চলে।

ধিং ৰাজহ চক্ৰ বিষয়া মৃনাল বৰাই জানিবলৈ দিয়া মতে বিগত দিনত নিজ ধিং, ধিং বজাৰত উচ্ছেদ ইতিমধ্যে শেষ হৈছে যদিও পৰৱৰ্তী সময়ত বটদ্ৰৱাৰ পুৰণি বাছ ষ্টেণ্ড, শান্তিজান বজাৰ আদি এলেকাত অবৈধভাৱে নিৰ্মাণ কৰা দোকান পোহাৰসমূহ উচ্ছেদ কৰা হ’ব। নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানি পথছোৱাৰ দুইকাষে একাংশ লোকে বছৰ বছৰ ধৰি অবৈধ বেদখল কৰি ব্যবসায় চলাই আহিছে। বিশেষকৈ নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি, ভকতগাওঁ অঞ্চলত সোনাই নৈ, নৈৰ উপৰৰ দলং আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ সন্মূখৰ ভূমিত অবাধে বেদখল কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদ, নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বটদ্ৰৱা আঞ্চলিক ছাত্ৰসন্থা, বটদ্ৰৱা থান পৰিচালনা সমিতি, বটদ্ৰৱা প্ৰেছ ক্লাৱ আদি কেইবাটাও দল সংগঠনে ধিং ৰাজহ চক্ৰৰ উদ্যোগত হোৱা উচ্ছেদ অভিযানক আদৰণি জনোৱাৰ লগতে নগাঁও জিলা উপায়ুক্ত আৰু সদৰ ৰাজহ চক্ৰ বিষয়াক চলচলি আৰু ভকতগাওঁ অঞ্চলত চৰকাৰী ভূমি উচ্ছেদৰ বাবে দাবী তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।