মঙলদৈত ভয়াৱহ পথ দুৰ্ঘটনা

 11/14/2019 - 13:52

মঙলদৈঃ চপাইৰ ৰূপনগৰত ভয়াৱহ পথ দুৰ্ঘটনা। মঙ্গলদৈ ভূতিয়াচাং পথত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰাতঃভ্ৰমণ কৰি থকা সময়ত তিনিজনক মহতিয়াই নিলে দাম্পাৰে।

এগৰাকী মহিলাৰ থিতাতে মৃত্যু আৰু আন এজন চিকিৎসালয় আনি থকাৰ সময়ত মৃত্যু লগতে গুৰুতৰভাবে আহত আন এগৰাকী মহিলা। মৃত মহিলা গৰাকী মঙ্গলদৈ শালৈপাৰাৰ কিৰণ শৰ্মা আৰু আন এগৰাকী সুৰেন চহৰীয়া বুলি চিনাক্ত। গুৰুতৰভাবে আহত মঞ্জুলা নাথক GMCH লৈ প্ৰেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।