টীয়কৰ কাৱৈমাৰীত 'শিশু দিৱস' উদযাপন

 11/14/2019 - 15:15

টীয়কঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন 'শিশু দিৱস' বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে মধ্য যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত টীয়কৰ কাৱৈমাৰী কুমাৰভেটি প্ৰাথমিক বিদ্যালয়তো বৰ্ণিল কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে পুৱা প্ৰাত:সভাত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত সহকাৰী শিক্ষয়িত্ৰী সংগীতা বৰাই এগছি বন্তি প্ৰজ্জ্বলন কৰাৰ পাছতে ছাত্ৰ-ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰি 'নেহৰু খুড়া'ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। এই অনুষ্ঠানটিতে শিশুসকলৰ প্ৰিয় নেহৰু খুড়াৰ জীৱন আৰু কৰ্মৰ লগতে শিশু দিৱসৰ বিষয়ে আলোকপাত কৰি প্ৰধান শিক্ষক দিগন্ত চাংমাই আৰু সহকাৰী শিক্ষয়িত্ৰী সংগীতা বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই।

শিশু তথা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পূজা দাস, মনিষা ৰবিদাস, দীপ ৰবিদাস, দিপালী দত্ত, লখিমী মহতু, অৰ্পনা ৰবিদাস আদিয়ে তেওঁলোকৰৰ প্ৰিয় নেহৰু খুড়াৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচী-টনা, পাৰ-পানী, মিউজিক চেয়াৰ আদি খেল-ধেমালিৰ লগতে গীত পৰিৱেশন, কবিতা আবৃত্তি, ৰচনা আৰু কুইজকে ধৰি বিভিন্ন সাংস্কৃতিকমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অঞ্চলটোৰ ৯৪নং কাৱৈমাৰী গোঁহাইগাঁও প্ৰাথমিক বিদ্যালয়, নৱজ্যোতি প্ৰাথমিক বিদ্যালয়, ১০৪নং দেচুৱালি বস্তি প্ৰাথমিক বিদ্যালয়, কাৱৈমাৰী গোঁহাইগাঁও মধ্য ইংৰাজী বিদ্যালয় আদিতো অনুৰূপ ধৰণেৰে কাৰ্যসূচী পালন কৰাৰ বাতৰি পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।