বৰভাগত নিৰ্মীয়মান অৱস্থাতে খহি পৰিল বজাৰ গৃহৰ পকীৱাল

 11/14/2019 - 15:44

বাহাৰঘাটঃ পৰিৱৰ্তন-উন্নয়ন দুৰ্নীতি মুক্ত দেশ গঢ়াৰ শ্লোগান দি শাসনৰ গাদী দখল কৰা বৰ্তমান চৰকাৰখনৰ কাৰ্যকালতো যে পূৰ্বৰ চৰকাৰৰ দৰে একেই প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে সেয়া চৰকাৰখনৰ কাম-কাজে উদঙাই দিছে। বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত পাণ্ডুলাস্থিত দামোদৰধাম সত্ৰ বজাৰত নিৰ্মাণৰত এটি বজাৰগৃহৰ আৰ্থফিলিং কৰোতেই পকী ৱাল খহি পৰাক লৈ চৰকাৰখনৰ কাম-কাজক তীব্ৰ সমালোচনা কৰিছে স্থানীয় একাংশ লোকে।

ৰাইজৰ অভিযোগ মতে পাণ্ডুলাস্থিত দামোদৰধাম সত্ৰ বজাৰত প্ৰায় দুই লাখ সত্তৰ হাজাৰ টকাৰে নিৰ্মাণ কৰিবলগীয়া গৃহটোৰ ভেটিটোৰ চাৰিওফালে পকী কৰি ভেটিটোত ট্ৰেক্টৰেৰে বালি ভৰাওতেই পশ্চিমৰ প্ৰায় বিশ ফুট দীঘল আৰু তিনি ফুট ওখ ইটাৰ গাঁঠনি খহি বালি বাহিৰলৈ ওলাই আহে।

অতি নিম্নমানৰ কাম কৰি সিংহ ভাগ আত্মসাৎ কৰাৰ ই এক অভিসন্ধি বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে। স্থানীয় বিধায়ক নাৰায়ন ডেকাই সকলো দেখিও কোনো বিহিত ব্যৱস্থা নোলোৱাত স্থানীয় একাংশ লোকে উদ্বেগ প্ৰকাশ কৰিছে। হয়তো বিধায়কৰ আশিষ পুষ্ট হোৱা বাবেই সকলো অবাধ গতিৰে এনেদৰে লুটৰাজ চলোৱাৰ অভিযোগ তুলিছে স্থানীয় একাংশ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।