নলবাৰীত দুই দুধৰ্ষ ডকাইত আটক

 11/14/2019 - 15:51

নলবাৰীঃ নলবাৰীৰ পিপলীবাৰীত পৰা দুই দুধর্ষ ডকাইতক আটক কৰে নলবাৰী আৰক্ষীয়ে। আৰক্ষীয়ে গোপন সুত্ৰৰ পমখেদি নলবাৰী আৰু বেলশৰ আৰক্ষীযে অভিযান চলাই আটক কৰে দুই ডকাইতক। ইফালে ধৃত দুই ডকাইতৰ পৰা আৰক্ষীয়ে জব্দ কৰে পিষ্টলসহ দেগাৰ লগতে এখন পালছাৰ বাইক। দুই দুধৰ্ষ ডকাইত দিগন্ত দাস আৰু হিতেশ ৰয় বুলি জানিব পৰা গৈছে।

এই দুই গভাইত ডকাইতে নলবাৰীৰ বিভিন্ন বেংক আৰু ব্যক্তিগত প্ৰতিস্থানত ধন লুটৰ লগত জড়িত। বৰ্তমান দুই দুধর্ষ ডকাইতক নলবাৰী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে। দুয়োজনৰ ঘৰ বৰমা আৰু বাক্সৰ ওদালবাৰীত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।