জনীয়া ৰাজ্যিক চিকিৎসালয়ত আজব কাণ্ডঃ চকীদাৰে ৰোগীক বিতৰণ কৰে দৰৱ

 11/14/2019 - 16:37

বৰপেটাঃ বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকৰ অধিনস্ত জনীয়া ৰাজ্যিক চিকিৎসালয়ত চলিছে মানুহৰ জীৱনক লৈ হেতালি খেলা। পূৰ্বেও ঘটনা সন্দৰ্ভত বিস্তাৰিত বাতৰি পৰিবেশন হোৱাৰ পাছতো বৰপেটা যুটীয়া স্বাস্থ্য সঞ্চালকে ৰাইজৰ পক্ষত কোনো ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ অৰাজকতা। চিকিৎসালয়ত কেৱল মাত্ৰ হাজিৰা বহীত চহী কৰিবলৈ ফাৰ্মাচিষ্ট আব্দুল কাদিৰে পোন্ধৰ দিন অথবা এমাহৰ মূৰে মূৰে চিকিৎসালয়ত ভুমুকি মৰাৰ অভিযোগ পোৱা গৈছে। তাৰ পৰিপ্ৰেক্ষিতত ছাজাহান আলী নামৰ এজন চকীদাৰৰ জৰিয়তে চিকিৎসালয় কতৃপক্ষই চলাই গৈছে ফাৰ্মাচী।

অনাভিজ্ঞ চকীদাৰ জনে কেতিয়াবা ঘাৰ বেমাৰৰ ৰোগীক পেলুৰ দৰৱ আকৌ কেতিয়াবা শাল মইনাৰ ৰোগীক খজুৱতিৰ দৰৱ দিয়াৰ অভিযোগ পোৱা গৈছে। ইয়াৰোপৰি প্ৰায় গৰাকী বিষয়া কৰ্মচাৰী চিকিৎসালয়ত উপস্থিত হয় বহু দেৰিকৈ। কোনো কোনো জন ১০-৩০ পৰা ১১ বজাত নাম মাত্ৰ উপস্থিত হয় চিকিৎসালয়ত। চিকিৎসালয়খনৰ ড্ৰেছাৰ সুবাস দাসে কোনো কৰ্তৃপক্ষলৈ কেৰেপ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি ৰাইজৰ মাজত বিবেচিত হৈছে। এই ক্ষেত্ৰত শীঘ্ৰেই ফাৰ্মাচিষ্ট, ড্ৰেছাৰ, আৰু চকীদাৰ ছাজাহানৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বৰপেটা উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে ভুক্তভোগী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।