বগুৰিগুৰী গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ কামৰ শুভাৰম্ভণি ৰঞ্জিত কুমাৰ দাসৰ

 11/14/2019 - 16:57

বিজনীঃ বৃহস্পতিবাৰে বৰপেটা জিলাৰ বগুৰিগুৰী গাঁও পঞ্চায়তৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ কামৰ শুভাৰম্ভ কৰে সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ এই উপলক্ষে ৯৫ নং বগৰীগুৰী পথাৰস্থিত পঞ্চায়ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়৷ পঞ্চায়ত সমূহলৈ আবন্তিত টকাৰে কি কি আচনি ৰূপায়ন কৰা হয় সেই সম্পৰ্কে ৰাইজে পঞ্চায়ত কাৰ্যালয়ত আহি জানিব পৰাৰ লগতে কামসমূহ ঠিকমতে হৈছেনে নাই সেইকথা তদাৰকো কৰিব পাৰিব বুলি দাসে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷

লগতে সৰভোগ সমষ্টিৰ অন্তৰ্গত অঞ্চলটোত আৰচি চি দলং নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম আৰম্ভ কৰাৰ কথা দাসে উল্লেখ কৰে৷ সভাখনত দাসৰ লগতে উপস্থিত থাকে গোৱৰ্ধনা খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্য সোমেজ উদ্দিন, বগুৰিগুৰী পাথাৰ গাঁও পঞ্চায়তৰ সভাপতি ফাৰুক আব্দুলা আহমেদ আৰু বহুসংখ্যক নেতা কৰ্মী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.