বঙাইগাঁও জিলা পুথিভঁৰালত অসম গ্ৰামীণ জীৱিকা অভিযান শাখাৰ ‍উদ‍্যোগত ‌ঋণ মেলা

 11/15/2019 - 11:18

মাণিকপুৰঃ বঙাইগাঁও জিলা পুথিভঁৰালত বৃহস্পতিবাৰে দুপৰীয়া অসম গ্ৰামীণ জীৱিকা অভিযান শাখাৰ উদ্যোগত ঋণ মেলা অনুষ্ঠিত হয়। এই ঋণ মেলাত বঙাইগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্য‍্যবাহী বিষয়া নাদিৰা পাৰভিন, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)ৰ ডিডিএম অলৰাম দেউৰী, এলডিএম হিমত সিং ইছলাৰীৰ লগতে সৃজনগ্ৰাম, টাপাট্টাৰী, মাণিকপুৰ আৰু বৈটামাৰী আঞ্চলিক পঞ্চায়তৰ খণ্ড উন্নয়ন বিষয়াসকলে জিলাখনৰ অন্তৰ্গত ৩৩০খন মহিলা আত্মসহায়ক গোটৰ সমূহ সদস‍্যাৰ উপস্থিতিত ঋণ সম্পৰ্কে বিভিন্ন আলোচনা কৰে।

অৱশেষত চলিত ভিত্তি বৰ্ষত জিলাখনৰ ৩৩০খন মহিলা আত্মসহায়ক গোটৰ মাজত ৮,৮৩,৩৭০০০.০০টকাৰ ঋণ অনুমোদন পত্ৰ বিতৰণ কৰে। এনে পদক্ষেপত মহিলা আত্মসহায়ক গোটৰ সদস্যাৰ লগতে সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।