এনআৰচিৰ সমন্বয়ক হিচাপে হিতেশ দেৱশৰ্মাৰ নিযুক্তি বাতিল কৰাৰ দাবী এবিএমছুৰ

 11/15/2019 - 14:05

কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পিছত এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক অব্যাহতি দি অসম চৰকাৰে এগৰাকী বিতৰ্কিত তথা পক্ষপাতমূলক বিষয়াক এন আৰ চিৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে নিযুক্তি দিয়াত এবিএমছুৱে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ জনাইছে৷

বিবৃতিযোগে এবিএমছুৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক নজৰুল ইছলাম আৰু মুখ্য সাংগঠনিক সম্পাদক জাইদুল ইছলামে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে পূৰ্বেই নৱনিযুক্ত সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগসমূহ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ উপৰিও ছচিয়েল মিডিয়াতো হিতেশ দেৱশৰ্মাই অতি নিম্ন ৰুচিৰ সাম্প্ৰদায়িক আৰু পক্ষপাতমূলক মন্তব্য প্ৰকাশ হোৱাৰ তথ্য পোৱা গৈছে।

এজন কৰ্মৰত চৰকাৰী বিষয়াৰ মুখত এনেবোৰ মন্তব্য কেৱল অশোভনীয়ই নহয়, অমাৰ্জনীয় অপৰাধ বুলি উল্লেখ কৰি ছাত্ৰ নেতাদ্বয়ে বিদেশী নাগৰিক চিনাক্ত আৰু বহিষ্কৰণৰ বাবে অসম আন্দোলনৰ নেতৃত্বৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য-উভয় চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা 'অসম চুক্তি' সম্পৰ্কতো বিষয়াজনৰ কটু ৰাজহুৱা মন্তব্য খুবেই আপত্তিজনক আছিল বুলি উল্লেখ কৰিছে৷

এজন কৰ্মৰত চৰকাৰী বিষয়াই 'অসম চুক্তি'ৰ বিৰুদ্ধে কোনো কাৰণতে ৰাজহুৱা মন্তব্য প্ৰকাশ কৰিব নোৱাৰে বুলি ক্ষোভ উজাৰি এনে আচৰণ নিশ্চিতভাৱে প্ৰশাসনিক নীতি তথা শৃংখলা ভংগৰ নিকৃষ্ট উদাহৰণ যদিও হিতেশ দেৱশৰ্মাৰ দৰে এগৰাকী বিতৰ্কিত বিষয়াৰ ওপৰত দায়িত্বভাৰ অৰ্পণ কৰিলে নিখুঁত এন আৰ চি প্রণয়নৰ ক্ষেত্ৰত নতুন জটিলতাৰহে সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও ছাত্ৰ নেতাদ্বয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷

এনআৰচিৰ সমন্বয়ক হিচাপে হিতেশ দেৱশৰ্মাৰ নিযুক্তি ততালিকে বাতিল কৰাৰ উপৰিও তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে এবিএমছুৰ নেতাদ্বয় নজৰুল ইছলাম আৰু জাইদুল ইছলামে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।