অভিনেতা নিপন গোস্বামীক প্ৰদান কৰা হ’ব "চাউলুং চ্যুকাফা বৰ অসম সম্প্ৰীতি বঁটা

 11/15/2019 - 15:28

লখিমপুৰঃ অভিনেতা নিপন গোস্বামীক "চাউলুং চ্যুকাফা বৰ অসম সম্প্ৰীতি বঁটা "প্ৰদান কৰা হ’ব চাউলুং চ্যুকাফা বৰ অসম উদযাপন সমিতিৰ তৰফৰপৰা। অসম দিৱসৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব লখিমপুৰত। এই বঁটাত নগদ ২৫ হাজাৰ টকাৰ লগতে থাকিব হেঙদাং, চেলেং আদি অন্যান্য সামগ্ৰী নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত শুক্ৰবাৰে অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে চাউলুং চ্যুকাফা বৰ অসম উদযাপন সমিতিৰ বিষয়ববীয়াসকলে।

তাই আহোম যুৱ পৰিষদ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ যুটীয়া উদ্যোগত এই অসম দিৱস উদযাপিত হ’ব। এই অসম দিৱসৰ কাৰ্যসূচীত চাউলুং চ্যুকাফাৰ ওপৰত এখন আলোচনা চক্ৰও অনুষ্ঠিত হ’ব। পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন আৰু প্ৰতিযোগীতাও অনুষ্ঠিত হ’ব এই অনুষ্ঠানতে। অহা ১৭ নৱেম্বৰত অসম দিৱসৰ লাই খুটা স্থাপন কৰিব লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।