ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ

 11/16/2019 - 15:30

ৰঙিয়াঃ ৰাফেল বিমান ক্ৰয় সম্পৰ্কত কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ প্ৰতিবাদত ভাৰতীয় জনতা পাৰ্টীয়ে শনিবাৰে ৰঙিয়াত এক ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ণ কৰে। ভাৰতীয় জনতা পাৰ্টী উত্তৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এনেদৰে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি ৰাফেল বিমান ক্ৰয় কৰা সন্দৰ্ভত কংগ্ৰেছ দলে আৰু দলটোৰ নেতা ৰাহুল গান্ধীয়ে মিছাৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰি ৰাহুল গান্ধীক ক্ষেমা খোজাৰ বাবে দাবী জনাই দলটোয়ে।

প্ৰায় দু ঘন্টা সময় বিজেপি দলৰ কৰ্মকৰ্তাসকলে এনেদৰে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্য্যসূচীত দলটোৰ ৰঙিয়াৰ অৰ্ধ শতাধিক তৃণমুল পৰ্য্যায়ৰ কৰ্মীৰ লগতে উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰমেশ ডেকা, যুৱ নেতা ভবেশ ডেকা, খনিন কলিতা, উত্তৰ কামৰূপ জিলা সমিতিৰ সম্পাদক সুবল পাল, যুৱ নেতা দীপেশ দাস, বিদ্যুৎ ডেকা, ৰঙিয়া পৌৰ সভাৰ ওৱাৰ্ড কমিচনাৰ দীপেন চক্ৰবৰ্তী, ৰঙিয়া ব্লক মণ্ডলৰ সভাপতি দীপেন শইকীয়াৰ লগতে বৰঘুলী মণ্ডলৰ সভাপতি গজেন বড়ো উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।