যোগীঘোপাৰ নয়া গাঁৱত চাঞ্চল্যকৰ ঘটনা

 11/16/2019 - 16:30

যোগীঘোপাঃ যোগীঘোপাৰ নয়াগাঁৱত ভোটাৰ আই ডিত নাম ভুলৰ বাবেই এজনৰ আত্মহত্যা। নয়াগাঁও তৃতীয় খণ্ডৰ কেন্দু বৰ্মন নামৰ লোকজনৰ আত্মহত্যা।

নাম শুধৰণিত ব্যৰ্থ হৈ বাছি ললে এই পথ শ্মশানৰ জিৰণি গৃহত ছিপলৈ আত্মহত্যা কৰে লোকজনে।

যোৱা নিশাৰ পৰাই সন্ধানহীন হৈ আছিল লোকজন। ভোটাৰ আই ডিত শুধৰণিৰ বাবে নিৰ্বাচন বিভাগে জাননী দিয়াৰ পিচতে লোকজনে তীব্ৰ দুশ্চিন্তাত ভুগিছিল। ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।