উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ সমবায় সপ্তাহ পালন

 11/16/2019 - 18:25

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিৰ ৬৬তম সমবায় সপ্তাহ  সমিতিৰ উত্তৰ গুৱাহাটী কাৰ্য্যলয়ত উদযাপিত হয়। উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সভাপতি ৰাতুল বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত  সমবায় সপ্তাহত অঞ্চলটিৰ সুলভ মুল্যৰ দোকানী, সঞ্চালক মণ্ডলী, সহিতে অংশীদাৰসকল উপস্থিত থাকে।

বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে  চলিত বৰ্ষলৈ লভাম্বিত ৰাজহুৱা খণ্ডৰ এক মাত্ৰ প্ৰতিষ্ঠান হিচাপে চিহ্নিত হৈ আহিছে। বিগত বৰ্ষত প্ৰায় ৪,৬০০০ টকা লাভৰ মুখ দেখা উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতি লিমিটেডে শনিবাৰৰ অন্তৰংগ আলাপত প্ৰতিষ্ঠানটিৰ ব্যবসায় বৃদ্ধি সম্পৰ্কত আলোচনা হয়। আংশীদাৰী ব্যবসায় প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে এক প্ৰীতি ভোজত মিলিত হৈ অনুষ্ঠানটিৰ সকলোৱে উত্তৰোত্তৰ কামনা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।