দশম বেটেলিয়নে পথচাৰীৰ বাবে নিৰ্মাণ কৰি দিলে শৌচাগাৰ

 11/17/2019 - 18:57

বৰপেটাঃ দীঘলীয়া যাত্ৰাপথৰ সময়ত পথচাৰীসকলে শৌচ প্ৰসাৱ কৰাৰ ক্ষেত্ৰত প্ৰায়ে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ বিশেষকৈ যাত্ৰাপথৰ সময়ত মহিলাসকল এইক্ষেত্ৰত অধিক সমস্যাৰ সন্মুখীন হয়৷ যাৰবাবে পথচাৰীসকলৰ অধিকাংশই পথৰ কাষৰ মুকলি ঠাইতেই প্ৰসাৱ কৰিবগীয়া হয়৷ পথচাৰীসকলৰ এনে সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি চিআৰপিএফৰ হাউলীস্থ দশম বেটেলিয়নে বৰপেটা-হাউলী পথত নিৰ্মাণ কৰি উলিয়াইছে প্ৰসাৱগাৰ আৰু শৌচাগাৰ সংযুক্ত এটা জিৰণী চৰা৷ চিআৰপিএফৰ নাগৰিক অভিযান কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰা এই জিৰণী চ'ৰাৰ লগতে শৌচাগাৰ আৰু প্ৰসাৱগাৰটো দেওবাৰে চিআৰপিএফৰ হাউলীস্থ দশম বেটেলিয়নৰ কমাণ্ডডেন্ট অজয় কুমাৰ সিঙে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰে৷ জিৰণী চ'ৰা মুকলি অনুষ্ঠানত স্থানীয় গাওবাসী সকলেও অতি উৎসাহেৰে অংশগ্ৰহন কৰে৷

জিৰনী চৰা মুকলি অনুষ্ঠানত দশম বেটেলিয়ানৰ দ্বিতীয় সেনাধ্যক্ষ ৰাজীৱ লোচন, উপ সেনাধ্যক্ষ ব্ৰিজেশ কুমাৰ, পৰিদৰ্শক সুবাস চন্দ্ৰ ৰায়, উপ-পৰিদৰ্শক সুনীল কুমাৰ মিশ্ৰও উপস্থিত থাকে। বৰপেটা-হাউলী পথৰ আমতলত নিৰ্মাণ কৰা জিৰনী চ'ৰাটো নিৰ্মাণৰ জৰিয়তে মুকলিত মল মূত্ৰ ত্যাগ বন্ধ হৈ স্বচ্ছতাৰ ক্ষেত্ৰতো ৰাজ্যখনক এখোজ আগবঢ়াই নিয়া বুলি মন্তব্য কৰিছে স্থানীয় গাঁওবাসীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।