লখিমপুৰত স্বাস্থ্য বিভাগৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

 11/18/2019 - 14:46

লালুকঃ স্বাস্থ্য বিভাগৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে মাতৃ আৰু শিশু স্বাস্থ্য ভৱনৰ লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইটিছ আঁচনিৰ জৰিয়তে এটা ডায়েলাইটিচ কোঠালী শুভ উদ্ধোধন কৰে লখিমপুৰ অসামৰিক চিকিৎসালয় চৌহদত।

১৪৪ খন বিছনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়ৰ লগতে বিনামূলীয়া ডায়েলাইতিছ বিভাগটোৰ অনুষ্ঠানিক শুভ উদ্ধোধনীয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সকলো ৰোগী উপকৃত হ’ব বুলি মত প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীৰ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, সংসদ প্ৰদান বৰুৱা, লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ উপৰিও ধেমাজিৰ বিধায়ক ৰণোজ পেগু উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।