আলিপুখুৰী শাখা সাহিত্য সভাৰ কাৰ্যালয় উদ্বোধন আৰু মাহেকীয়া সাহিত্য পাঠৰ বৈঠক মুকলি

 11/19/2019 - 12:30

বটদ্ৰৱাঃ অসম সাহিত্য সভাৰ স্বীকৃতি প্ৰাপ্ত আলিপুখুৰী শাখা সাহিত্য সভাৰ এটি অস্থায়ী কাৰ্যালয় সোমবাৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাংগনত উদ্বোধন কৰা হয়। বিয়লি ভাগত বন্তি প্ৰজ্বলন, আয়তীৰ উৰুলি মঙ্গলেৰে শাখা সাহিত্য কাৰ্যালয়টিৰ শুভ উদ্বোধন কৰে দিজুমনি বৰা আৰু সবিতা বৰাই। শাখা সাহিত্য সভাৰ কাৰ্যালয় উদ্বোধনৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হয়। আলিপুখুৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁতধৰা সভাতে শাখা সাহিত্য সভাৰ মাহেকীয়া সাহিত্য পাঠৰ বৈঠকখনি মুকলি কৰা হয়।

শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাহেকীয়া সাহিত্য পাঠৰ বৈঠক খনি নিয়মীয়া আৰু নিয়াৰিকৈ চলাই নিয়াৰ বাবে সাহিত্য সভাৰ আজীৱন সদস্যা কিন কিন মহন্তক দায়িত্ব অৰ্পন কৰা হয়। আজিৰ সভাতে সম্পাদক হৰি নাৰায়ণ কোঁৱৰে সভাৰ আজীৱন সদস্য পদ গ্ৰহণ কৰা লক্ষ্যধৰ তালুকদাৰ আৰু গিৰিশ বৰুৱাক আজীৱন সদস্যৰ স্বীকৃতি পত্ৰ প্ৰদান কৰা হয়। সভাত দিলীপ দেৱ গোস্বামী, অতুল মহম্ত, জগন্নাথ কলিতা, জ্যোতি বৰা আৰু হীৰামনি বৰুৱাকে প্ৰমুখ্য কৰি কেইবা গৰাকী সসদস্যই বক্তব্য ৰাখে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।