লখিমপুৰঃ লখিমপুৰৰ বগীনদীত মাৰাথান গতিত চতুৰ্দশ বিত্তীয় আঁচনিৰ আধাৰশিলা স্থাপনত ব্যস্ত মন্ত্ৰী নৱ দলে। দুদিনত ২৪ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰি বগীনদীত অভিলেখ কৰিলে মন্ত্ৰী নৱ দলে। সমাগত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা মন্ত্ৰী নৱ দলে নিজ সমষ্টিত দেওবাৰৰ পৰা কোটি কোটি টকাৰ পৰা লৈ লাখটকীয়া লৈকে মাৰাথান গতিত বিভিন্ন সৰু বৰ আঁচনিৰ আধাৰশিলা স্থাপনত ব্যস্ত।
সোমবাৰৰ দিনটোৰ কাৰ্য্যসূচীত মন্ত্ৰী গৰাকীয়ে পুৱা ৯ বজাত কদম পঞ্চায়তৰ কদম হাইস্কুলৰ মেৰামতিৰ বাবে চতুৰ্দশ বিত্তীয় আঁচনিৰ দ্বিতীয় কিস্তিৰ পূঁজিৰে বিদ্যালয় মেৰামতিৰ বাবে আধাৰশিলা স্থাপন কৰাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ক্ৰমে, থৌ-থোৱানী পঞ্চায়তত ঘাৰমৰা আদৰ্শ সত্ৰ নিৰ্মাণ, সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ পূঁজিৰে কলাৰী গাঁৱ নামঘৰ পুনৰ নিৰ্মাণ মেৰামতি, চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
১১ বজাৰ পৰা বগীনদী পঞ্চায়তৰ উত্তৰ কুলাবালি এল পি স্কুলৰ মেৰামতি, বৰখেলীয়া এল পি স্কুলৰ মেৰামতি, গাগলডুবি বৰখেলীয়া নামঘৰৰ মেৰামতি আৰু পুনৰ নিৰ্মাণ, গাগলডুবি মাজগাঁও নামঘৰৰ মণিকুট নিৰ্মাণ আৰু মেৰামতি, গাগলডুবি এল পি স্কুলৰ মেৰামতি, নলিনীচুক নামঘৰৰ পুনৰ নিৰ্মাণ আৰু মেৰামতি, ৰতনপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বিদ্যালয় গৃহনিৰ্মাণ, ৰতনপুৰ ছয়ঘৰীয়া নামঘৰৰ পুনৰ নিৰ্মাণ আৰু মেৰামতি, আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে বগীনদী ব্লক ক্ৰীড়া সন্থাই আয়োজন কৰা বি বি এছ এ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।
ইয়াৰ লগতে মন্ত্ৰী নৱ দলে সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ পুঁজিৰে আৱন্টিত বগীনদী আঞ্চলিক বাইথ মন্দিৰৰ চাৰিসীমাৰ পকীবেৰ নিৰ্মাণৰ বাবে ৩০ লাখ টকীয়া, গজাই মনাই ক্ষেত্ৰত হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰৰ বাবে ৫০ লাখ টকীয়া আৰু বগীনদী বজাৰ গৃহনিৰ্মাণৰ বাবে ২০১৮-১৯ বৰ্ষৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰে।
মন্ত্ৰীৰ সোমবাৰৰ কাৰ্য্যসূচীত ৰাজ্যিক বিজেপিৰ কাৰ্যবাহী সদস্য বসন্ত শইকীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, বগীনদী জিলা পৰিষদৰ সদস্যা ৰেৱতী কামান, কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈকে নেতৃস্থানীয় অন্য বহুবিষয়া কৰ্মচাৰী উপস্থিত থাকে।