গোলাঘাটৰ থুৰামুখৰ অভয়জান চাহ বাগিচাত বন্যহস্তীৰ অবাধ বিচৰণ

 11/19/2019 - 16:09

গোলাঘাটঃ গোলাঘাটৰ থুৰামুখৰ অভয়জান চাহ বাগিচাত ৫০জনীয়া বন্যহস্তীৰ বিচৰণ। বনাঞ্চলৰ পৰা পুৱাই খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকক লৈ আতংকিত ৰাইজ। হাতী খেদিবলৈ ওলাই আহিল শ শ ৰাইজ। পেপা বজাই হাতী খেদাৰ চেষ্টা। হাতী মানুহৰ সংঘাতৰ এক ভয়ংকৰ ছবি। প্ৰতিদিনেই থুৰামুখ, অভয়জান, মুৰফুলনী আদি বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে।

খাদ্যৰ সন্ধানত ওলাই অহা এই বৃহৎ হাতীৰ জাকটোৱে প্ৰতিদিনেই অঞ্চলটোত সৃষ্টি কৰি আহিছে সন্ত্ৰাস। পকা ধান খাই তহিলং কৰাৰ লগতে শ শ বিঘা ধান খেতি নষ্ট কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।