সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

 11/20/2019 - 18:52

মৰিয়নীঃ নকছাৰি নাগিনীজান সংযোগী পথৰে প্ৰায় ৫খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে লগতে তীব্ৰ বেগেৰে যান বাহন চলাচল কৰে ফলত ছাত্ৰ ছাত্ৰীৰ লগতে জনসাধাৰণৰ বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। ফলত সোমবাৰে বিয়লি নকছাৰি নাগিনীজান চাহ বাগিছাৰ বৰ লাইনৰ অভিজিৎ কৰ্মকাৰ ৪ বছৰীয়া শিশুৰ গাড়ীৰ খুন্দাত মৃত্যু হয়।

নকছাৰি নাগিনীজান সংযোগী পথত গতিৰোধকৰ দাবীত নাগিনীজানত সদৌ অসম আদিবাসী ছাত্ৰ-সন্থা নাগিনীজান প্ৰাথমিক গোটৰ উদ্যোগত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰে। লগতে নকছাৰি গ্ৰাম্যপথ উপ-সংমণ্ডল বিষয়াক এক স্মাৰকপত্ৰ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।