জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সজাগতা আৰু প্ৰশিক্ষণ কাৰ্যসূচী

 11/20/2019 - 21:27

বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিগত দুটা সপ্তাহত কেইবাটাও প্ৰশিক্ষণ শিবিৰ আৰু সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। যোৱা ৬ আৰু ৭ নৱেম্বৰত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত বিদ্যালয় সুৰক্ষা নীতি বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ ৫০ খনকৈ নিৰ্বাচিত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক বিদ্যালয় সুৰক্ষাৰ বিভিন্ন নীতি-নিৰ্দেশনা আৰু বিদ্যালয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষক হিচাপে উপস্থিত আছিল জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অভিমন্যু দত্ত, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ অধ্যাপক ডঃ ৰত্নকিংকৰ গোস্বামী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰকল্প বিষয়া ভাৰ্গৱ বৰুৱা আৰু বিশ্বনাথ অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনীৰ এটা দলে। আনহাতে, যোৱা ১৪ নৱেম্বৰত শিশু দিৱসৰ লগত সংগতি ৰাখি চতিয়া অঞ্চলৰ ৩ খন বিদ্যালয় ক্ৰমে চতিয়া আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ, চতিয়া নৰ্মাল প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উপলক্ষে জৰুৰীকালীন সময়ত শিশু সুৰক্ষাৰ ওপৰত এক বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ভূমিকম্প আৰু অগ্নিকাণ্ডৰ দৰে দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে আয়োজিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্বনাথ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে চিত্ৰাংকণ আৰু বক্তৃতা প্ৰতিযোগিতাও আয়োজন কৰা হয় আৰু বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক জৰুৰীকালীন সময়ত প্ৰয়োজন হোৱা সামগ্ৰীৰ টোপোলা পুৰস্কাৰস্বৰূপে প্ৰদান কৰা হয়।

অসামৰিক প্ৰতিৰক্ষা বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত এই সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়, য’ত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰকল্প বিষয়া ভাৰ্গৱ বৰুৱা, সৰ্বশিক্ষা মিছনৰ বিশ্বনাথৰ জিলা আঁচনি বিষয়া মনোজ কুমাৰ গোঁহাই, নদুৱাৰ শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰীৰ লগতে তিনিওখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু তিনি শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইফালে, যোৱা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ ৩০ গৰাকীকৈ আৰক্ষী বিষয়া-কৰ্মীক জৰুৰীকালীন সময়ত আৰক্ষীৰ কৰণীয় তথা দুৰ্ঘটনাৰ ভুক্তভোগীসকলক প্ৰাথমিক চিকিৎসা প্ৰদান বিষয়ক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ দিপক কুমাৰ মেধি আৰু ৰেডক্ৰছ ছচাইটিৰ জয়ন্ত শৰ্মা। অনুষ্ঠানত বিশ্বনাথ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তও উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।