লখিমপুৰৰ দ'ল'হাট বজাৰত এগৰাকী যুৱতীৰ অশালীন প’ষ্টাৰ আৰিল এটা পাষণ্ডই

 11/21/2019 - 14:16

লখিমপুৰঃ লখিমপুৰৰ দ'ল'হাট বজাৰত এগৰাকী যুৱতীৰ বিৰুদ্ধে ৰাজহুৱা স্থানত অশালীন প’ষ্টাৰ অঁৰাৰ ঘটনা সংঘটিত হৈছে। নীলমণি শইকীয়া নামৰ এটা পাষণ্ডই কিছুদিন পূৰ্বে দ'ল'হাট বজাৰত এগৰাকী যুৱতীৰ বিৰুদ্ধে অশালীন কথাৰে ফটোসহ ওলমাইছিল প’ষ্টাৰ।

পৰৱৰ্তী সময়ত যুৱতী গৰাকীয়ে দ'ল'হাট আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ আৰু এজাহাৰ দিয়াৰ কথা জানিব পাৰিয়েই নিলমনী শইকীয়া নামৰ পাষণ্ডই আদালতৰ আগতীয়া জামিন লৈ বুধবাৰে গধুলি হাজিৰ হয়গৈ দ'ল'হাট আৰক্ষী চকীত। লগে লগেই যুৱতী গৰাকী আৰু বিভিন্ন দল সংগঠনৰ কৰ্মী সকলেও আৰক্ষী চকীত উপস্থিত হৈ দাবী তোলে। আৰক্ষীয়ে যুৱতী গৰাকী আৰু স্থানীয় দল সংগঠনৰ কৰ্মীসকলক বুজাই বঢ়াই নিয়ন্ত্ৰণ কৰে পৰিস্থিতিৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।