বটদ্ৰৱাৰ হাতীজুযুৱাত অজগৰ উদ্ধাৰ

 11/21/2019 - 17:22

বটদ্ৰৱাঃ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই বন্যপ্ৰাণী হত্যা কৰি ইয়াৰ ছাল, নখ, দাঁত, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে। ঠিক তেনে সময়তে নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী হাতীজুযুৱাত প্ৰকৃতি প্ৰেমী এগৰাকী ছাত্ৰীৰ তৎপৰতে এটা অজগৰ উদ্ধাৰ হোৱা ঘটনাই প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে।

ঘটনাৰ বিৱৰণী মতে, হাতীজুযুৱা গাঁৱৰ আব্দুল ৰাশিদ খানৰ গৃহৰ ভিতৰত বৃহস্পতিবাৰে দিনৰ ১০ বজাত এগৰাকী ছাত্ৰীয়ে অজগৰটো প্ৰত্যক্ষ কৰে। পিছে অজগৰৰ খবৰ অঞ্চলজুৰি বনজুইৰ দৰে বিয়পি পৰাত ৰাশিদ খানৰ গৃহত অজগৰটো চাবলৈ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হয়। ঘটনাস্থলীত জাজৰি আৰক্ষী বহু পলমকৈ উপস্থিত হয় যদিও ৰাইজে অজগৰটো উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে। প্ৰায় ১০ ফুট দীঘল অজগৰটো নগাঁও বন্য প্ৰাণী কাৰ্যালয়ত দিয়া হ’ব বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।