বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই আন্তঃগাঁথনি, প্ৰয়োজনীয় কৰ্মচাৰীৰো অভাৱ

 11/21/2019 - 18:58

বাহাৰঘাটঃ নলবাৰী জিলাৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো উদ্বোধনৰ নবছৰ পিচতো পয়ালগা অৱস্থাতে আছে৷ চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ব্যাপক উন্নয়নৰ ঢাক ঢোল বজালেও প্ৰকৃততে যে উন্নয়ন হোৱা নাই তাৰে উদাহৰণ বৰখালা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ৷ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ জন্মস্থানতে অৱস্থিত এইখন চিকিৎসালয়ত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত মন্ত্ৰী শৰ্মাই উদ্বোধন কৰিছিল৷ কিন্তু বৰ্তমান স্বাস্থ্য কেন্দ্ৰটোৰ অৱস্থা তেনে পুতৌ লগা৷ স্বাস্থ্য কেন্দ্ৰটোত এজন চিকিৎসকে ৰাইজৰ সেৱা আগবঢ়োৱাৰ বিপৰীতে এজন ফাৰ্মাচিষ্ট, এজন লেবোৰাটৰি টিকনিচিয়ান,এজনী এ এন এম চৰকাৰী ভাৱে নিযুক্ত হৈ আছে৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে স্বাস্থ্য কেন্দ্ৰটোত নিয়োজিত দুগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে অবৈতনিক৷ স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিয়ে দুয়ো গৰাকীকে প্ৰতিমাহে দুহেজাৰ টকা মাননি দিয়ে যদিও সিও দুই তিনিমাহৰ মূৰত হে পায়৷ এনেকৈ দুহেজাৰ টকাৰে চলে তেওঁলোকৰ পৰিয়াল৷ চৰকাৰে মাথো তেওঁলোকক চাকৰি হব হব বুলি টোপ দি হে আছে৷ তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ কোনো আন্তঃগাঁথনিৰ ব্যৱস্থা নাই৷ যাৰ ফলত গৰু ছাগলীৰ অবাধ বিচৰণৰ থলী হৈ পৰিছে স্বাস্থ্য কেন্দ্ৰৰ চৌহদ৷ আনহাতে চিকিৎসা গৃহটোৰ বাহিৰে স্বাস্থ্য কেন্দ্ৰৰ অন্য আতাইবোৰ গৃহই আপদালৰ অভাৱত জহিখহি গৈছে৷ আকৌ কেইবাটাও অৰ্ধনিৰ্মিত অৱস্থাতে ভাঙি চিঙি কদৰ্য ৰূপ লৈছে৷ এসময়ত ৰাইজৰ প্ৰৱল দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তদানীন্তন স্বাস্থ্য মন্ত্ৰী ডা°ভূমিধৰ বৰ্মনে আধাৰশিলা স্থাপন কৰি স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল৷ পৰৱৰ্তী সময়ত নিৰ্মাণ সম্পূৰ্ণ হোৱাত ৰাইজৰ বাবে স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিছিল৷ স্বাস্থ্য কেন্দ্ৰ মুকলিৰ সময়ত সেই সময়ৰ স্বাস্থ্য মন্ত্ৰী হিচাবে বৰ্তমানৰ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত হ’ব লগা বহুতো সা-সুবিধা উপলব্ধ থাকিব বুলি ঘোষণা কৰিছিল৷ কিন্তু দুখৰ বিষয় যে এইবোৰ সা-সুবিধাটো দুৰৰ কথা স্বাস্থ্য কেন্দ্ৰত সংযোজিত আয়ুৰ্বেদিক কেন্দ্ৰটোকে আজিলৈকে মুকলি কৰিব নোৱাৰিলে৷ বৰ্তমান আয়ুৰ্বেদিক চিকিৎসা গৃহটোত সাপ নেউলৰ বসতি স্থান হৈ পৰিছে৷ অঞ্চলৰ ৰাইজে শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ ব্যৱস্থা কৰি সকলোবোৰ অভাৱ অভিযোগ আঁতৰ কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।