শিক্ষা বিভাগৰ পয়া লগা অৱস্থা! বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে  শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ-ছাত্ৰীৰ আহ্বান

 11/23/2019 - 15:05

কামপুৰঃ ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এজাক কন কন শিশুৰ কাতৰ আহ্বন। আমাৰ বিদ্যালয়খন বনাই দিয়ক চাৰ। ৰাজ্যৰ শিক্ষাবিভাগৰ আমুল পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰখনৰ দিনত ছাত্ৰ-ছাত্ৰীয়ে এটা বিদ্যালয় গৃহৰ অভাৱত হাহাঁকাৰ কৰিব লগা হৈছে। তথাপিও কানষাৰ নাই শিক্ষা  বিভাগৰ। পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত শিক্ষা বিভাগৰ অপৰিৰ্ৱতিত ছবি। এটা ভঙা জুপুৰিত জীৱন গঢ়াৰ সপোন ৰচিছে এজাক ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষা বিভাগৰ আমুল পৰিৱৰ্তনৰে ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সা-সুবিধাৰে শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ত সমগ্ৰ অসমত বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এটা বিদ্যালয় গৃহৰ অভাৱত হাঁহাকাৰ কৰিব লগা হৈছে।

নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কছাৰী খণ্ডাৰ হলিৰাম দাস প্ৰাথমিক বিদ্যালয়। ১৯৯৪চনত প্ৰতিস্থা কৰা বিদ্যালয়খন ২০১৩চনত প্ৰাদেশীকৰণ হয়। ২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খনৰ নাই স্থায়ী বিদ্যালয় গৃহ। ৰ’দ, ধুমুহা, বৰষুনত বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ মাজৰে ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আহিছে। এশ এবুৰি সমস্যাৰ মাজৰে আৰু বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়ন নোহোৱাৰ বাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰো নিম্নগামী হৈছে। বানপানীয়ে কেইবাৰো ভাঙি লৈ গৈছে বিদ্যালয়ৰ জুপুৰী ঘৰটো। শিক্ষাৰ অধিকাৰ আইনৰ অধিনত কন কন শিশুক শিক্ষাগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীক সকলো ধৰণৰ সুবিধা দিব লাগে যদিও এই দৰে এটা বিদ্যালয় গৃহৰ অভাৱত পাঠদান কৰিব লগাহোৱা বিষয়টোৱে বৰ্তমান চৰকাৰ খনৰ ফোপোলা স্বৰূপটো দাঙি ধৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।