বিলাসীপাৰাত দুখীয়া ছাত্ৰীৰ মাজত চাইকেল বিতৰণ

 11/24/2019 - 19:24

বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়ত খনৰ জনপ্ৰিয় সভাপতি হুৰমূজ আলীৰ পৌৰহিত্যত বাবুৰহাটত এখন চাইকেল বিতৰণী সভা অনুষ্ঠিত হয়। সভা খনত নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্পৰ অধীনৰ সংখ্যালঘু কোষৰ পৰা ৩৫ খন চাইকেল দুখীয়া ছাত্ৰীৰ মাজত বিতৰণ কৰে, ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। সভা খনত উপস্থিত থাকে, মন বৃত্তি থকা জনপ্ৰিয় সভাপতি শগুনমাৰী গাঁও পঞ্চায়তৰ আতোৱাৰ হোসেন, নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্প বিষয়া আব্দুল আউয়াল, লগতে প্ৰকল্পটোৰ কৰ্ম-কৰ্তা সকল, ইয়াৰ উপৰিও কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ উপ-সভানেত্রীৰ গিৰিয়েক মহম্মদ আলী, পঞ্চায়ত খনৰ সদস্য জলিবৰ ৰহমান, ৱকুদ্দুছ আলী আদিকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজ আৰু স্কুলীয়া ছাত্ৰী উপস্থিত থাকে।

চাইকেল বিতৰণী অনুষ্ঠানটোত অসমত তথা বিভিন্ন প্ৰান্তত গোৱালপৰীয়া লোক গীত, অসমীয়া গীত, আদিকে ধৰি গীত পৰিৱেশন কৰি অহা তথা অসমৰ ভিতৰত প্ৰায় একমাত্ৰ শিল্পী কোকিলা সৰকাৰে গীত পৰিৱেশন কৰি সভা খনত ৰাইজৰ মন সন্তষ্ট কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।