বৰপেটা জিলাৰ বাঘবৰৰ সত্ৰকনৰাত ভয়ংকৰ ডকাইতি কাণ্ড

 11/25/2019 - 12:31

    বৰপেটাঃ বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তৰ্গত সত্ৰকনৰা ৫ নং ছিটত নিশা সংঘটিত হয় ভয়ংকৰ ডকাইতি কাণ্ড। প্ৰত্যক্ষ‌দৰ্শীৰ ভাষ্য মতে নিশা প্ৰায় ১-৩০ বজাত দক্ষিণ শিতুলী গাঁৱৰ কাশেম ভূঞাৰ পুত্ৰ ছানিদুল ভূঞা আৰু জোনাব আলীৰ পুত্ৰ কোমৰ আলীক মুখত কলা কাপোৰ বান্ধি অহা ৪/৫ জনীয়া ডকাইতৰ এটি দলে চাৰিচকীয়া বাহনলৈ আহি বাট আগচি ধৰি অপ' মোবাইল ফোন, নগদ ৪০০০টকা কাঢ়ি লৈ যায়।

আক্ৰান্ত যুৱক দুজনে চিঞৰ বাখৰ কৰাত ওচৰ-চুবুৰীয়া গোটখোৱাত তিনিজন দস্যু পলাই যাবলৈ সক্ষম হয় যদিও সত্ৰকনৰা ৯ নং ছিটৰ মাণিক আলীৰ পুত্ৰ ৰাজিবুল ইছলামক ৰাইজে কৰায়ত্ব কৰে। মন্দিয়া আৰক্ষীয়ে পুৱতি নিশা ৩ বজাত গৈ  আক্ৰান্ত যুৱকসহ চাৰিজন‌ক মন্দিয়া আৰক্ষী চকীলৈ লৈ আহে। উল্লেখ্য যে, এজাহাৰত নিশা ৯-১০বজাৰ ঘটনা বুলি উল্লেখ কৰি‌ছে যদিও প্ৰত্যক্ষ‌দৰ্শীয়ে জনোৱা মতে নিশা ১-৩০বজাতহে ঘটনা সংঘটিত হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।