জাগুণত ড্ৰাগছ আৰু কানিৰ অবাধ প্ৰচলনৰ বিৰোধীতাৰে উত্তাল ৰাজপথ

 11/26/2019 - 14:59

জাগুণঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানা আৰু জাগুণ আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ড্ৰাগছ আৰু কানিৰ অবাধ প্ৰচলন। জাগুণ অঞ্চলত বৰবিহ সদৃশ ড্ৰাগছ আৰু কানিৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মক ইতিমধ্যে ধ্বংসৰ পথলৈ টানি নিয়া পৰিলক্ষিত হৈছে। জাগুণ অঞ্চলত কিছু সংখ্যক অসাধু প্ৰকৃতিৰ লোকৰ ছত্ৰছাঁয়াত ড্ৰাগছ আৰু কানিৰ কলা সাম্ৰাজ্যখন দিনক দিনে বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে।

সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে ড্ৰাগছ আৰু কানিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজপথলৈ ওলাই আহিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ মজিয়াৰ পৰাই ছাত্ৰ সংগঠনটোৱে আৰক্ষী প্ৰশাসনক লেখাপানী আৰু জাগুণ অঞ্চলৰ পৰা ড্ৰাগছ-কানিৰ অবাধ প্ৰচলন নিৰ্মূল কৰাৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়, অন্যথা অনাগত দিনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈও ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকিয়াই দিয়ে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।