মূল্যবৃদ্ধি ৰোধ- কৰ্মসংস্থান সৃষ্টিকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত গণসংগঠনৰ যৌথ প্ৰতিবাদ

 11/26/2019 - 16:17

বৰপেটাঃ মূল্যবৃদ্ধি ৰোধ, ব্যাপক কৰ্মসংস্থান সৃষ্টি কৰা, বাছ ভাড়া বৃদ্ধি প্ৰত্যাহাৰ, নুমলীগড় তেল শোধনাগাৰসহ ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ বন্ধ কৰা, বৈষম্যমূলক ভূমি নীতি বাতিল কৰা আৰু মধ্যাহ্ন ভোজন আঁ‌চনি ব্যক্তিগতকৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে গণ সংগঠনসমূহৰ ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটাতো এছ এফ আই, চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ডি ৱাই এফ আই আৰু জে চি টি ইউৰ যৌথ সহযোগত বৰপেটা জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ কৰা হয়।

প্ৰায় পাঁচ হেজাৰ প্ৰতিবাদীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ মুখৰিত কৰি তোলে। সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, বিজেপি চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদীসকলক উদ্দেশ্যি চিপি আই এম'ৰ জেষ্ঠ নেতা মনোৰঞ্জন তালুকদাৰে ভাষণ দিয়ে আৰু সৰ্বানন্দ সোণোৱালক তথা নৰেন্দ্ৰ মোডীক পুঁজিপতিৰ দালাল বুলি অভিহিত কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে, দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫.১ শতাংশলৈ নামিছে। ইয়াৰ বিৰূপ প্ৰভাৱ সমাজৰ সকলো অংশৰ মানুহৰ মাজত পৰিছে। জনগণৰ ক্ৰয়ক্ষমতা ভয়ানকভাৱে হ্ৰাস পাইছে।

ফলত শিল্পজাত সামগ্ৰী, নিৰ্মাণ ক্ষেত্ৰ, মটৰগাড়ী ব্যৱসায়-বাণিজ্য, হোটেল, যোগাযোগ আদি ক্ষেত্ৰসমূহত মন্দাৱস্থাই ভয়ানক ৰূপ লৈছে। অসমৰ ১ লাখ ১৭ হাজাৰ ৰন্ধন কৰ্মচাৰীৰ কাম স্বেচ্ছাসেৱী সংগঠনক অৰ্পণ কৰাৰ এক ষড়যন্ত্ৰ অব্যাহত আছে বুলি উল্লেখ কৰে। অসমৰ ৰাজহুৱা তৈলক্ষেত্ৰ, কয়লা, কাগজ কল আদি ব্যক্তিগতকৰণ কৰাতে ক্ষান্ত নাথাকি অতি সম্প্ৰতি অসম চুক্তিৰ অন্যতম চৰ্ত হিচাপে গঢ়ি উঠা নুমলিগড় তেলশোধনাগাৰ‌ও পুঁজিপতিৰ হাতত পানীৰ দৰত বিক্ৰী কৰিবলৈ ওলাইছে। বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানত অকনো গুৰুত্ব নিদিয়া চৰকাৰে নতুন ভূমিনীতিৰে একাংশ মানুহক ভূমিহীন কৰিবলৈ যো-জা চলোৱাটো দুৰ্ভাগ্যজনক। জাতি-মাটি-ভেটি ৰক্ষাৰ নামত ক্ষমতাত বহা চৰকাৰৰ পৰা অসমবাসীয়ে এই আশা কৰা নাছিল। সেয়েহে ছয়টা গণসংগঠনৰ যৌথ মঞ্চই মঙলবাৰৰ আন্দোলনৰ জৰিয়তে নিম্নোক্ত দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ দাবী জনায়। উক্ত দাবীসমূহ পূৰণ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।