সংবিধান দিৱস উপলক্ষে ছালাকাটিত শৈক্ষিক-বৃক্ষ ৰোপণ-জলসংৰক্ষণৰ ওপৰত সজাগতা সভা

 11/26/2019 - 19:38

কোকৰাঝাৰঃ প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষই ২৬ নবেম্বৰ অৰ্থাৎ মংগলবাৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰে৷ সেই অনুসৰি কোকৰাঝাৰ জিলাৰ ছালাকাটি চৌটাকী দ্বিতীয়খণ্ড গাঁৱত ইয়ং ষ্টাৰ ক্লাৱৰ উদ্যোগত আৰু কোকৰাঝাক নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত সংবিধান দিৱসৰ লগতে এক সজাগতা সভাৰ আয়োজন কৰা হয়৷ শৈক্ষিক, জলসংৰক্ষণ আৰু বৃক্ষ ৰোপণৰ প্ৰয়োজনীয়তাৰ উপৰিও সংবিধান দিৱসৰ তাৎপৰ্য সম্পৰ্কে সাধাৰণ ৰাইজক অৱগত কৰাৰ উদ্দেশ্যৰে উক্ত সজাগতা সভাৰ আয়োজন কৰা হয়৷ সজাগতা সভাখনত সংবিধান দিৱসৰ তাৎপৰ্যৰ বিষয়ে উদ্বোধনী চমু ভাষণ প্ৰদান কৰে ছালাকাটি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰাণকৃঞ্চ তালুকদাৰে৷

সজাগতা সভাত মুখ্য অতিথি হিচাপে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, নিৰ্দিষ্ট বক্তা হিচাপে কোকৰাঝাৰ জিলা সৰ্বশিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া জাহাংগীৰ হুছেইন আদিয়ে সংবিধান দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্যৰ বিষয়ে উপস্থিত ৰাইজৰ মাজত নিজ নিজ চমু ব্যাখ্যা দাঙি ধৰে৷ সংবিধান দিৱসৰ সৈতে সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন, গছ পুলি ৰোপন, ছাফাই অভিযান, কুইজ, ক্ৰীড়া প্ৰতিযোগিতাৰ উপৰিও এক সজাগতামুলক শোভাযাত্ৰাও উলিওৱা হয়৷ কাৰ্যসূচীত চৌটাকী ইয়ং ষ্টাৰ ক্লাৱৰ সভাপতি আব্দুল ৰুহুল আমিন, সম্পাদক লতিফ আহমেদ, কোকৰাঝাৰ নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া জিকিৰ আলী, গাওঁবুঢ়া আব্দুছ ছালামখানসহ কেইবা শতাধিক গাঁওবাসীয়ে অংশ গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।