গোলকগঞ্জত বিলাসী গাড়ীসহ চোৰক গ্ৰেপ্তাৰ

 11/28/2019 - 13:40

গোলকগঞ্জঃ গ্ৰাহকৰূপী গাড়ী চোৰ সঞ্জীৎ ৰায়ক গাড়ীত বহুৱাই গৌৰীপুৰলৈ যাত্ৰা আৰাম্ভ কৰে চালক কৰ্ণ দাস আৰু গাড়ীখনৰ মেনেজাৰ মিঠুন ৰাভাই। বুধবাৰে পুৱা গৌৰীপুৰত উপস্থিত হোৱাত সঞ্জীৎ ৰায়ে দুয়ো চালকক গাড়ীসহ বালাজানৰ দেৱওৰ হাচদহত এজন আলহীৰ ঘৰত লৈ যায়। আলহীৰ ঘৰতে কৰ্ন ৰায়ক এৰি সঞ্জীৎ ৰায়ে মিঠুন ৰাভাৰ সৈতে গোলকগঞ্জত খাচীৰ মঙহ কিনিৱলৈ যায়।

কিন্ত মঙহ কিনাৰ সলনি মিঠুন ৰাভাক শৌলমাৰীত আন এগৰাকী আলহীৰ ঘৰত ফুৰিবলৈ লৈ যায় সঞ্জীৎ ৰায়ে। আলহীৰ ঘৰতে মিঠুন ৰাভাক এৰি গোপনে গাড়ী খনলৈ সঞ্জীৎ ৰায়ে পলায়ন কৰে। মিঠুন ৰাভাই গম পাই গোলকগঞ্জ আৰক্ষীক অৱগত কৰে। গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ বৰুৱা আৰু থানাখনৰে উপ-পৰিদৰ্শক প্ৰশান্ত দাসে লালকুৰা অঞ্চলত অভিযান চলাই চুৰি হোৱা গাড়ীখন উদ্ধাৰ কৰাৰ লগতে গাড়ী চোৰ সঞ্জীত ৰায়ক গ্ৰেপ্তাৰ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।