বঙাইগাঁও জিলাৰ ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা

 11/29/2019 - 13:51

মাণিকপুৰঃ শুকুৰবাৰে পুৱা বঙাইগাঁও জিলাৰ ডাঙাইগাঁও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ সন্মুখত ভয়াৱহ পথ দুৰ্ঘটনা সংগঠিত হয়। জানিব পৰামতে পশ্চিমফালৰ পৰা আহি থকা As16 E 8577 নম্বৰৰ পুলিচৰ মহিন্দ্ৰা গাড়ীয়ে একে দিশেৰে বাইকেৰে পূবফালে গৈ থকা মূৰ্গী বেপাৰীজনক পিছফালৰ পৰা খুন্দিয়াই গুৰুতৰভাবে আহত কৰে। পুলিচৰ গাড়ীয়ে দুৰ্ঘটনা সংগঠিত কৰিয়েই ততাতৈয়াকৈ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও উপস্থিত ৰাইজে বাট আগচি ধৰি পুলিচৰ গাড়ী আবদ্ধ কৰে। পুলিচৰ গাড়ী আবদ্ধ কৰাত ৰাইজলৈ গুলিওৱাবলৈ চেষ্টা কৰাত পৰিস্থিতি অধিক উত্তপ্ত হয়।

পিছত বিজনীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহত বেপাৰীজনক মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসা লৈ প্ৰেৰণ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।