বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলঃ প্ৰশ্নকাকতত বিসংগতি

 11/29/2019 - 18:11

বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত শুকুৰবাৰে ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়খনত চলি থকা স্নাতক কলা শাখাৰ তৃতীয় সান্বাষিকৰ শুকুৰবাৰে ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অনুসৰি শুকুৰবাৰৰ প্ৰশ্নকাকতত ভাৰতীয় ৰাজনীতি (Politics in India) আৰু বিকল্প হিচাপে আন্তৰ্জাতিক সম্পৰ্ক[International relations] প্ৰশ্ন থাকিব লাগে। কিন্তুৰ প্ৰশ্নকাকতখনত অকল আন্তৰ্জাতিক সম্পৰ্ক[International relations]ৰ প্ৰশ্ন আহে। যাৰ বাবে পৰীক্ষা আৰম্ভ হোৱাৰ পিছত প্ৰশ্নকাকত দেখি বটদ্ৰৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ পাঠ্যক্ৰম অনুসৰি বটদ্ৰৱা মহাবিদ্যালয়ত ভাৰতীয় ৰাজনীতি পাঠদান হৈছিল। লগে-লগে মহাবিদ্যালয়খনৰ অধ্যক্ষ হবিবুৰ ৰহমানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক উপ সঞ্চালকৰ লগত যোগাযোগ কৰি পৰীক্ষা স্থগিত ৰাখে। আনহাতে অনুৰূপ কাৰণতে আৰু কেইবাখনো মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰীক্ষা স্থগিত ৰাখিছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।