বিজনীত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বানত তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

 11/30/2019 - 14:17

বিজনীঃ অখিল ভাৰতীয় শিক্ষক সংঘৰ আহ্বানত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰিচালনাত ৰাজ্যযোৰা তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিজনীৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক কাৰ্যালয়ত। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ চলিব এই ধৰ্ণা কাৰ্যসূচী। উল্লেখ্য যে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰন পেঞ্চন নীতি বাহাল ৰাখক। সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন বঞ্চিত শিক্ষকক বিনাচৰ্তে নিয়মীয়া কৰক।

প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুশৰী প্ৰাপ্য গ্ৰেড-পে' আদায় দিয়ক ছষ্ঠ দৰমহা আয়োগৰ বিসংগতি দূৰ কৰি সপ্তম দৰমহা আয়োগ ১.১.২০১৬ কাৰ্যকৰী কৰক। সৰ্বভাৰতীয় সমাহাৰৰ দৰমহাৰ ব্যৱস্থা কৰক আাদি বিভিন্ন দাবিৰে শনিবাৰে এই তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্ণা কাৰ্যসূচীত শিক্ষামন্ত্ৰী হায় হায়, শিক্ষকসকলক চোৰ বুলি কোৱা কথা উঠাই লওঁক। আদি বিভিন্ন শ্লো’গানেৰে ধৰ্ণা স্থলি কপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।