নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ সন্ধানহীন

 11/30/2019 - 18:55

নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত পানীমাজকুছি গাঁৱৰ নিৱাসী তথা নলবাৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ কালিৰে পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে গাঁওখনৰ ৰমনী কলিতাৰ পুত্ৰ জোতিৰ্ময় কলিতা (২০) ই কালি আবেলি দুইমান বজাত নিজৰ ঘৰৰপৰা চাইকেল চলাই বৰাজোল চ'কলৈ ফুৰিবলৈ আহিছিল। কিন্তু নিশা পৰ্য্যন্ত ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে। ছাত্ৰগৰাকীয়ে যাব পৰা সম্ভাৱ‍্য স্থানসমূহত পৰিয়ালৰ লোকে যোগাযোগ কৰে যদিও তেওঁৰ শুংসূত্ৰ আজিলৈ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত পৰিয়াললোকে শনিবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। বগা বৰণৰ চেহেৰাৰ টিছাৰ্ট আৰু মাটিয়া ৰঙৰ লংপেন্ট পৰিহিত ছাত্ৰগৰাকীৰ সম্ভেদ পালে ৮৬৩৮৫-৮৫৩৭৬ অথবা ৬৯০০৬-৫৭৫৪0 ফোন নম্বৰত খবৰ দিবলৈ পৰিয়ালৰ লোকে সদাশয় ৰাইজক অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।