নলবাৰী টাউন ব্লক কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা

 11/30/2019 - 20:34

নলবাৰীঃ সম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে বৰ্তমান দেশৰ ভয়াবহ অৰ্থনৈতিক মন্দাৱস্থা, নিবনুৱা সমস্যা, নিত্যবৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধি কে ধৰি বিজেপি চৰকাৰৰ সামগ্ৰীক ব্যৰ্থতা তথা বিজেপি চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতি, ৰাজহুৱা খণ্ডৰ প্ৰতিস্তান সমূহ ব্যক্তিগতকৰণৰ প্ৰতিবাদ শনিবাৰে নলবাৰী টাউন ব্লক কংগ্ৰেছ এ এক প্ৰতিবাদী ধৰ্ণা সমদল কৰে। উক্ত প্ৰতিবাদী সমদলটো চহৰৰ মাজেৰে সমদল কৰি নলবাৰী পৌৰাসভাৰ কাৰ্য্যালয়ৰ সম্মুখত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি উক্ত কাৰ্যসূচীৰ সামৰণি কৰে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই শতাধিক পুৰুষ মহিলা ই অংশগ্ৰহণ কৰাৰ লগতে নলবাৰী টাউন ব্লক কংগ্ৰেছৰ সভাপতি ৰজত ডেকা, নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্রী পাপৰি মালাকাৰ, নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় দিব্যজ্যোতি হালৈ, মাজিব আলি প্ৰমুখ্যে বিভিন্ন নেতা কৰ্মী এ অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।