নগাঁও লাইন্স ক্লাৱত সোণালী জয়ন্তী উদ্‌যাপন

 12/01/2019 - 16:57

নগাঁওঃ গুৰুবাদ্য তাল-খোলৰ ধ্বনিত মুখৰিত হ'ল নগাঁও৷ বাদ্যৰ ধ্বনিত আত্মহাৰা হৈ এপাক নাচিলে সকলোৱে৷ বিশিষ্ট ব্যক্তিসকলৰ নৃত্য দেখি পিছপৰি নৰ'ল বেনযোৰো৷ তাল-খোলৰ লগে লগে তাল মিলাই বজালে বেনপাৰ্টিৰ বেন৷ সকলোৱে পিন্ধিলে নিদ্দিষ্ট গণবেশ৷ কিন্তু কিয় এনে পৰিবেশ? এইয়া কোনো মহাপুৰুষৰ জন্মোৎসৱ নেকি? "সহায় আৰু লাইন্স ক্লাৱ" যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷

আৰ্তজনৰ কাষত বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে সহায় কৰাৰ বাবে সদাপ্ৰস্তুত নগাঁও লাইন্স ক্লাৱত শণি আৰু ৰবিবাৰে উদ্‌যাপিত হৈছে ক্লাৱৰ সোণালী জয়ন্তী মহোৎসৱ৷ মহোৎসৱৰ বিভিন্ন কাৰ্যসুচীৰ লগতে ৰবিবাৰে পুৱা উলিওৱা শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই ক্লাৱৰ কাম-কাজৰ শলাগ লৈ কৰ্মকৰ্তাক শুভেচ্ছা জনায়৷ নগাঁৱস্থিত লাইন্স ক্লাৱৰ পৰা নগাঁও চহৰৰ মাজেৰে আহা শোভাযাত্ৰাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সামৰণি পৰে৷ সামৰণি সময়তেই দেখা পোৱা গ'ল সকলো বিশিষ্ট ব্যক্তিয়ে এপাক আত্মহাৰা হৈ নৃত্য কৰাৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।