কেবে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিবঃ বিধায়ক আলহাজ আমিনুল ইছলাম

 12/02/2019 - 14:01

ধিংঃ অসম আৰু অসমীয়াৰ একমাত্ৰ জাতীয়তাবাদী দল হৈছে AIUDF দল। কেন্দ্ৰ তথা বিজেপি চৰকাৰে অসমত কেব জাপি দিয়াৰ প্ৰসংগত ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামে অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। কেব অহাৰ লগে লগে অসমত অসমীয়া ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব। কিয়নো নতুন ৰূপত কেব আহিলে অসমৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কাৰ্বি আংলং, বিটিএডি আদি অঞ্চলত সংস্থাপিত নহ’ব হিন্দু বাংলাদেশী। যাৰ ফলত অসমৰ সমতল ভূমি অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাতে লাখ লাখ হিন্দু বিদেশী সংস্থাপিত হ’ব। ফলশ্ৰুতিত অসমত অসমীয়া জাতি আৰু ভাষা সংকটত পৰিব।

সংখ্যালঘুত পৰিণত হ’ব অসমীয়া। কিন্তু অতি পৰিতাপৰ কথা যে, অসমৰ জাতীয়তা দল বুলি জাহিৰ কৰা অগপ ইতিমধ্যে নেগুৰ পেলায় বিজেপিৰ পক্ষ লৈছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতিৰ বিপৰীতে বৰাকত বিপৰীত স্থিতি দেখা গৈছে। গতিকে অসমীয়া ভাষা, সংস্কৃতি ৰক্ষাৰ্থে একমাত্ৰ AIUDF দলেই যুজি যাব। সোমবাৰে ধিং সমষ্টিৰ বিলতীয়া আৰু কান্ধুলিমাৰী পঞ্চায়তত ১৭ টাকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ আচনিৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এনেদৰে মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।